Skip to content
Hadith TranslationsHadith translations · ترجمة الأحاديث
Hadith · 3313 · অসমীয়াSource ↗

“যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”। - Hadith Translation

উছমানৰ সঙ্গী হুমৰানৰ পৰা বৰ্ণিত। তেওঁ ‘উছমান ইবনে আফফান ৰাদ্বিয়াল্লাহু ‘আনহুক দেখিছে যে, তেওঁ পানী আনিবলৈ আদেশ দিলে আৰু সেই পানী তেওঁ দুয়ো হাতৰ তালুত তিনিবাৰ ঢালি দুয়ো হাত ধুই ল’লে। ইয়াৰ পিছত তেওঁ সোঁহাত পাত্রৰ ভিতৰত সোমাই দিলে। ইয়াৰ পিছত কুলি কৰিলে আৰু নাকত পানী দি নাক পৰিস্কাৰ কৰিলে। ইয়াৰ পিছত তেওঁ তিনিবাৰ মুখমণ্ডল ধুলে আৰু দুয়োহাত কিলাকুটিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত মূৰ মছেহ কৰিলে। তাৰ পিছত দুই ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত তেওঁ ক’লেঃ মই আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মোৰ এই উযুৰ দৰে উযু কৰা দেখিছোঁ। আৰু ক’লেঃ “যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।
Narrated by
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Grade
ছহীহ

من توضأ نحو وضوئي هذا ثم صلى ركعتين لا يحدث فيهما نفسه غفر الله له ما تقدم من ذنبه

عَنْ ‌حُمْرَانَ مَوْلَى عُثْمَانَ بْنِ عَفَّانَ رضي الله عنه: أَنَّهُ رَأَى عُثْمَانَ بْنَ عَفَّانَ دَعَا بِوَضُوءٍ، فَأَفْرَغَ عَلَى يَدَيْهِ مِنْ إِنَائِهِ، فَغَسَلَهُمَا ثَلَاثَ مَرَّاتٍ، ثُمَّ أَدْخَلَ يَمِينَهُ فِي الْوَضُوءِ، ثُمَّ تَمَضْمَضَ وَاسْتَنْشَقَ وَاسْتَنْثَرَ، ثُمَّ غَسَلَ وَجْهَهُ ثَلَاثًا، وَيَدَيْهِ إِلَى الْمِرْفَقَيْنِ ثَلَاثًا، ثُمَّ مَسَحَ بِرَأْسِهِ، ثُمَّ غَسَلَ كُلَّ رِجْلٍ ثَلَاثًا، ثُمَّ قَالَ: رَأَيْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَتَوَضَّأُ نَحْوَ وُضُوئِي هَذَا، وَقَالَ: «مَنْ تَوَضَّأَ نَحْوَ وُضُوئِي هَذَا ثُمَّ صَلَّى رَكْعَتَيْنِ لَا يُحَدِّثُ فِيهِمَا نَفْسَهُ غَفَرَ اللهُ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ».

متفق عليه · صحيح

النص العربي والتخريج وجميع الترجمات

Other languages