Skip to content
Hadith TranslationsHadith translations · ترجمة الأحاديث
Hadith · 3421 · অসমীয়াSource ↗

আল্লাহৰ বাণী: (অর্থ) “তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক।” ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাই এই বিষয়ে কৈছেঃ এইবোৰ হৈছে নূহ সম্প্রদায়ৰ পূণ্যৱান লোকসকলৰ নাম। - Hadith Translation

ইবনু আব্বাছ ৰাদিয়াল্লাহ আনহুমাৰ পৰা বৰ্ণিত, “আল্লাহৰ বাণী: (অর্থ) “তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক।” ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাই এই বিষয়ে কৈছেঃ এইবোৰ হৈছে নূহ সম্প্রদায়ৰ পূণ্যৱান লোকসকলৰ নাম। এই লোকসকল মৃত্যুবৰণ কৰাৰ পিছত চয়তানে তেওঁলোকৰ সম্প্ৰদায়ক বুদ্ধি দিলে যে, তোমালোকে তেওঁলোকৰ বৈঠকৰ স্থানত মূৰ্ত্তি নিৰ্মাণ কৰা আৰু সেইবোৰক তেওঁলোকৰ নামেৰে নামকৰণ কৰা। সিহঁতে সেইটোৱে কৰিলে, কিন্তু উপাসনা কৰা নাছিল। কিন্তু যেতিয়া এই লোকসকল মৃত্যুবৰণ কৰিলে আৰু ইল্ম পাহৰি গ’ল তেতিয়া সেই মূৰ্ত্তিবোৰৰ ইবাদত কৰা আৰম্ভ হ’ল। ছহীহ – এই হাদীছটোক বুখাৰীয়ে বর্ণনা কৰিছে।
Narrated by
(বুখাৰী)
Grade
ছহীহ

في قول الله تعالى : (وَقَالُوا لا تَذَرُنَّ آلِهَتَكُمْ وَلا تَذَرُنَّ وَدًّا وَلا سُوَاعًا وَلا يَغُوثَ وَيَعُوقَ وَنَسْرًا) قال ابن عباس رضي الله عنهما : هذه أسماء رجال صالحين من قوم نوح

عن ابن عباس رضي الله عنهما في قول الله تعالى : (وَقَالُوا لا تَذَرُنَّ آلِهَتَكُمْ وَلا تَذَرُنَّ وَدًّا وَلا سُوَاعًا وَلا يَغُوثَ وَيَعُوقَ وَنَسْرًا) قال: "هذه أسماء رجال صالحين من قوم نوح، فلما هَلَكوا أَوحى الشَّيطان إلى قَومِهِم أنِ انْصِبُوا إلى مَجَالِسِهِم الَّتي كانوا يَجْلِسون فيها أنصَابًا، وسَمُّوها بأسمَائِهِم، فَفَعَلُوا، ولم تُعْبَد، حتَّى إِذَا هَلَك أُولئك ونُسِيَ العلم عُبِدت".

رواه البخاري · صحيح

النص العربي والتخريج وجميع الترجمات

Other languages